o mur apunar desh

Author: 
admin's picture

অ’ মোৰ আপোনাৰ দেশ

অ’ মোৰ আপোনাৰ দেশ

অ’ মোৰ চিকুণী দেশ

এনেখন সুৱলা, এনেখন সুফলা

এনেখন মৰমৰ দেশ ।

 অ’ মোৰ সুৰীয়া মাত

অসমৰ সুৱদি মাত

পৃথিৱীৰ ক'তো বিচাৰি জনমটো

নোপোৱা কৰিলেও পাত ।

 অ’ মোৰ ওপজা ঠাই

অ’ মোৰ অসমী আই

চাই লওঁ এবাৰ মুখনি তোমাৰ

হেঁপাহ মোৰ পলোৱা নাই ।